অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব
(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)
প্ৰঃ ছেলছিয়াছ আৰু ফাৰেনহাইট দুয়োবিধ স্কেলতে একেই মান থকা উষ্ণতাটো কিমান ?
উঃ ৪০ ডিগ্রী।
প্ৰঃ কয়লাৰ দহনত কি ধৰণে শক্তিৰ ৰূপান্তৰ ঘটে ?
উঃ ৰাসায়নিক শক্তি তাপ শক্তিলৈ।
প্রঃ এটা বস্তুত তাপ প্রয়োগ কৰিলে, ইয়াৰ কালি কমে নে বাঢ়ে ?
উঃ বাঢ়ে ।
প্রঃ উষ্ণতা জোখাৰ বাবে ব্যৱহাৰ কৰা আহিলা বিধক কি বুলি কোৱা হয় ?
উঃ থার্মোমিটাৰ।
প্রঃ নিউটনৰ কোনটো সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয় ?
উঃ প্রথম সূত্রক।
প্ৰঃ ৰকেটৰ গতি নিউটনৰ কোনটো সূত্ৰৰ উদাহৰণ ?
উঃ তৃতীয় গতি সূত্ৰৰ
প্ৰঃ যান্ত্রিক শক্তি আৰু তাপৰ মাজত সম্বন্ধ প্রতিষ্ঠা কৰা বিজ্ঞানীজনৰ নাম কি ?
উঃ জুল।
প্রঃ এটা বস্তুৰ আপেক্ষিক তাপ কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উঃ ইয়াৰ পদাৰ্থৰ ওপৰত।
প্ৰঃ তৰংগই এটা স্থানৰ পৰা আন এটা স্থানলৈ কি স্থানান্তৰ ঘটায় ?
উঃ শক্তি।
প্ৰঃ তৰংগ দৈৰ্ঘ্যৰ বিপৰীত ৰাশিক কি বোলা হয় ?
উঃ তৰংগ সংখ্যা।
প্রঃ তাপৰ এছ. আই. একক কি ?
উঃ জুল।
প্রঃ এটা অন্তর্দহন ইঞ্জিনৰ কাৰ্য কিমানটা ষ্ট্ৰোকত সম্পূর্ণ হয় ?
উঃ চাৰিটা ষ্ট্ৰোকত।
প্ৰঃ মানৱ দেহৰ স্বাভাৱিক উষ্ণতা কিমান ?
উঃ ৩৭০ ডিগ্ৰী ছেঃ।
প্ৰঃ থার্মোমিটাৰত কি পদার্থ সচৰাচৰ ব্যৱহাৰ কৰা হয় ?
উঃ পাৰা।
প্ৰঃ বৰফ গলিলে ইয়াৰ উষ্ণতা বাঢ়ে নে কমে ?
উঃ একে থাকে।
প্রঃ বস্তু এটা চন্দ্ৰ পৃষ্ঠলৈ আনিলে কি পৰিৱৰ্তন হ’ব বাৰু ?
উঃ ইয়াৰ ওজন সলনি হ’ব।
প্ৰঃ পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকর্ষণিক ত্বৰণৰ মান কিমান ?
উঃ শূন্য।
প্রঃ মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান পোন প্ৰথমবাৰৰ বাবে নিৰ্ণয় কৰা বিজ্ঞানীজনৰ নাম কি ?
উঃ কেভেণ্ডিজ।
প্ৰঃ এজন মানুহে পৃথিৱীত ১.৫ মিটাৰ ওপৰলৈ জপিয়াব পাৰে। তেওঁ চন্দ্ৰত কিমান জপিয়াব পাৰিব ?
উঃ ৯ মিটাৰ।
প্ৰঃ হেলনীয়া তলত বাগৰি যোৱা বল এটাই কি গতি সম্পন্ন কৰে ?
উঃ জটিল গতি।
প্রঃ সুষম বেগত গতি কৰা বস্তু এটাৰ ত্বৰণ গতি কি ?
উঃ শূন্য।
প্ৰঃ প্ৰাণীসমূহৰ চলনক কি বোলে ?
উঃ সঞ্চৰণ।
প্ৰঃ ৰৈ থকা বাছ এখনে হঠাৎ চলিবলৈ ধৰিলে থিয় হৈ থকা মানুহ এজন কোনফালে হালি যায় ?
উঃ পিছফালে।
প্ৰঃ মেৰুৰ পৰা বিষুৱ অঞ্চললৈ গতি কৰিলে মাধ্যাকর্ষণিক ত্বৰণৰ মান কি হয় ?
উঃ হ্রাস পায়।
প্ৰঃ দোলকৰ গতি সম্পৰ্কীয় সূত্র কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ গেলিলিঅ’ই।
প্ৰঃ নিৰ্দিষ্ট উষ্ণতাত তৰলৰ সকলো অংশৰ পৰা বাষ্প নিৰ্গত হোৱা পদ্ধতিটোক কি বলে ?
উঃ স্ফুটন।
প্রঃ আকাশত উৰি ফুৰা উৰাজাহাজৰ কি শক্তি থাকে ?
উঃ গতি শক্তি আৰু স্থিতি শক্তি দুয়োটাই থাকে।
প্ৰঃ বস্তু এটা ওপৰলৈ নিক্ষেপ কৰিলে ইয়াৰ গতি শক্তি কি হ’ব ?
উঃ ক্রমান্বয়ে হ্রাস পাব।
প্রঃ ত্বৰণ, সৰণ, বেগ আৰু দ্ৰুতি ইয়াৰ কোনটো স্কেলাৰ ৰাশি ?
উঃ দ্রুতি।
প্রঃ যদি এটা বস্তুয়ে সুষম দ্ৰুতিৰে গতি কৰে, তেন্তে দূৰত্ব-সময় লেখ
ডালক কি বুলি কোৱা হ’ব ?
উঃ এডাল সৰল ৰেখা।
প্ৰঃ বল প্রয়োগ কৰোঁতে প্রয়োগ বিন্দুত সৰণ নঘটিলে সম্পাদিত কাৰ্যৰ পৰিমাণ কি হয় ?
উঃ শূন্য।
প্ৰঃ যান্ত্ৰিকভাৱে সম্পাদিত কাৰ্য আৰু উৎপাদিত তাপৰ মাজত এক সঠিক সমতুল্যতা আছে বুলি কোনে প্রথমতে প্রতিষ্ঠা কৰিছিল ?
উঃ জুল।
প্ৰঃ বেৰ’মিটাৰৰ পাৰাৰ ওপৰৰ স্তৰটোত কি থাকে ?
উঃ বায়ুশূন্য স্থান।
প্রঃ ফটোগ্রাফি কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ ফ্ৰান্সৰ নিপকে।
প্রঃ ১ লিটাৰ পানীৰ ভাৰ কিমান ?
উঃ ১ কিঃগ্রাঃ।
প্রঃ সৌৰ দিৱস, মাইক্রো চেকেণ্ড, লিপইয়েৰ কিহৰ একক ?
উঃ সময়ৰ একক।
প্রঃ অন্য এককৰ ওপৰত নিৰ্ভৰশীল এককক কি বোলে ?
উঃ লব্ধ একক।
প্ৰঃ চলন্ত বাছ এখনে ব্রেক মাৰিলে বাছৰ গতিৰ কেনে পৰিৱৰ্তন হয় ?
উঃ কম্পনৰ সৃষ্টি হৈ স্থিৰ শক্তিলৈ গতি কৰে।
প্ৰঃ পৃথিৱীৰ বিষুৱ অঞ্চলত পদাৰ্থৰ ওজন কিমান হ’ব ?
উঃ সকলোতকৈ কম হ’ব।
প্ৰঃ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কিহৰ সমানুপাতিক ?
উঃ বল।
প্ৰঃ চলন্ত বাছৰ পৰা নামিলে যাত্ৰীয়ে কিয় আগলৈ হালি পৰে ?
উঃ গতি জড়তাৰ বাবে
প্রঃ এক মাইলত কিমান কিলোমিটাৰ ?
উঃ ১.৬০৯৩ কিঃমিঃ।
প্ৰঃ যি ৰাশিৰ মান আছে কিন্তু দিশ নাই, সেই ৰাশিক কি বোলে ?
উঃ স্কেলাৰ ৰাশি।
প্ৰঃ প্রবাহিত নদীৰ পানীত কি শক্তি থাকে ?
উঃ গতি শক্তি।
প্ৰঃ প্ৰথম পৰমাণু বোমাটো ক’ত কেতিয়া ফুটোৱা হৈছিল ?
উঃ নিউ মেক্সিকোৰ মৰুভূমিৰ মাজত ‘জিৰো হিল’ নামৰ পাহাৰৰ ওপৰত, ১৯৪৫ চনৰ ১৬ জুলাইত।
প্ৰঃ পেট্রাল, ইথাৰ, স্পিৰিট আদিৰ ৰাষ্পায়ন দ্রুত হোৱাৰ কাৰণ কি ?
উঃ এইবোৰ উদ্বায়ী পদার্থ বাবে।
প্রঃ মটৰৰ মূল নীতি কি ?
উঃ তড়িতবাহী তাঁৰৰ ওপৰত চুম্বকৰ ক্ৰিয়া।
প্রঃ এটা বস্তুৰ বেগ আধালৈ হ্ৰাস কৰিলে, ইয়াৰ গতিশক্তি কি হ’ব?
উঃ এক চতুর্থাংশ হ’ব।
প্ৰঃ কার্য সম্পাদনৰ হাৰক কি বুলি কোৱা হয় ?
উঃ ক্ষমতা।
প্ৰঃ এটা বস্তুৰ গতি শক্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উঃ ইয়াৰ ভৰ আৰু বেগৰ ওপৰত।
প্রঃ বস্তুৰ ওজন ক’ত সর্বাধিক হয় ?
উঃ ভূ-পৃষ্ঠত।
প্ৰঃ গৰিষ্ঠ অনুভূমিক বিস্তাৰ পাবলৈ বস্তু এটা অনুভূমিক তলৰ পৰা কিমান ডিগ্রী কোণ কৰি নিক্ষেপ কৰিব লাগিব ?
উঃ ৪৫ ডিগ্ৰী ।
প্রঃ আটাইতকৈ গধুৰ মৌলিক পদার্থবিধৰ নাম কি ?
উঃ আছমিয়াম।
প্ৰঃ মান আৰু দিশ দুয়োটাই থকা ৰাশিক কি বোলে ?
উঃ ভেক্টৰ ৰাশি।
প্ৰঃ সময় আৰু দৈৰ্ঘৰ একক কোন শ্ৰেণীৰ একক ?
উঃ মৌলিক একক।
প্রঃ বাষ্পীভৱনৰ হাৰ বৃদ্ধি কৰিবলৈ কি কৰিব লাগে ?
উঃ তৰলৰ ওপৰত চাপ কমাব লাগিব।
প্ৰঃ কাৰ্যৰ এছ. আই. একক কি ?
উঃ জুল।
প্রঃ ক্রিয়া-প্রতিক্রিয়া বুলিলে কি বুজা ?
উঃ ভিন ভিন বস্তুৰ ওপৰত ক্রিয়া কৰাক বুজায়।
প্ৰঃ ফটোগ্রাফিৰ পোহৰ শক্তি কি শক্তিলৈ পৰিণত হয় ?
উঃ ৰাসায়নিক শক্তিলৈ ।
প্ৰঃ তৰংগ দৈৰ্ঘ্য বৃদ্ধি পালে শব্দৰ তীক্ষ্ণতাৰ কি পৰিৱৰ্তন হয় ?
উঃ হ্রাস পায়।
প্রঃ কোনটো মাধ্যমত শব্দৰ গতি সর্বোচ্চ হয় ?
উঃ কঠিন মাধ্যমত।
প্রঃ স্থিৰ অৱস্থাত থকা বস্তু এটাৰ কি থাকিব পাৰে ?
উঃ শক্তি।
প্ৰঃ দেৱাল ঘড়ীৰ পেণ্ডুলামৰ কি শক্তিৰ প্ৰভাৱত দোলন হয় ?
উঃ স্প্রিঙৰ স্থিতি শক্তিৰ প্ৰভাৱত।
প্রঃ নিৰ্দিষ্ট চাপত এক নিৰ্দিষ্ট উষ্ণতাত তৰল পদাৰ্থ কঠিন পদাৰ্থলৈ পৰিণত হ’লে তাক কি বোলে ?
উঃ হিমাংক।
প্ৰঃ কি পদাৰ্থৰ গলনৰ ফলত তাপমাত্রা বৃদ্ধি পায় ?
উঃ মমৰ।
প্রঃ সমদ্ৰুতি সম্পন্ন বস্তুৰ গতিত কি থাকে ?
উঃ সদায় স্থিৰ মানৰ ভৰবেগ থাকে।
প্ৰঃ দ্ৰুতি, বেগ আৰু ত্বৰণ কিহৰ একক ?
উঃ দৈৰ্ঘ আৰু সময়ৰ তিনিটা মিশ্র একক।
প্ৰঃ বাষ্পীভৱনৰ লীন তাপ কিমান ?
উঃ প্রতি গ্ৰামত ৫৪০ কেলৰি।
প্ৰঃ মৰীচিকা কিয় সৃষ্টি হয় ?
উঃ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে।
প্রঃ বোমা ফুটিলে কি শক্তি কিহলৈ ৰূপান্তৰিত হয় ?
উঃ যান্ত্রিক শক্তিৰ দ্বাৰা ৰাসায়নিক শক্তি তাপ, শব্দ আৰু আলোক শক্তিলৈ ৰূপান্তৰিত হয়।
প্ৰঃ পৃথিৱী পৃষ্ঠত কোনো বস্তুৰ ওজন ৪৮ ডাইন হ’লে চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন কিমান হ’ব ?
উঃ ৮ ডাইন।
প্রঃ চলিনয়েড কাক বোলে ?
উঃ তড়িত প্রবাহ থকা অৱস্থাত কোনো পৰিবাহী তাঁৰৰ কুণ্ডলীক ‘চলিনয়েড’ বোলে ।
প্রঃ কিহৰ ওপৰত শব্দৰ তীক্ষ্ণতা নিৰ্ভৰ কৰে ?
উঃ শব্দৰ কম্পনাংকৰ ওপৰত।
প্ৰঃ চাপৰ বৃদ্ধি হ’লে তামৰ গলনাংকৰ কি পৰিৱৰ্তন হ’ব ?
উঃ বৃদ্ধি পাব।
প্রঃ বাহিৰৰ পৰা তাপ শক্তিৰ প্ৰয়োগ কৰিলে পদাৰ্থৰ কি পৰিৱৰ্তন হয় ?
উঃ পদাৰ্থৰ অণুসমূহৰ স্থিতি আৰু গতি শক্তিৰ পৰিৱৰ্তন হয়।
প্রঃ উত্তল লেন্স কি ধৰণৰ লেন্স ?
উঃ অভিসাৰী।
প্ৰঃ বাষ্পৰ ঘনীভৱন হৈ তলত পৰিণত হ’লে কি হ’ব বাৰু ?
উঃ ই তাপ উৎপন্ন কৰে।
প্ৰঃ এটা সৰল দোলকৰ দোলনশীল বস্তুয়ে সাম্য অৱস্থানৰ পৰা কৰা গৰিষ্ঠ সৰণক কি বোলা হয় ?
উঃ বিস্তাৰ।
প্রঃ এটা বস্তুৰ ত্বৰণ ঘটিলে কি হয় বাৰু ?
উঃ এটা বলে সদায় ইয়াৰ ওপৰত ক্রিয়া কৰে।
প্ৰঃ বৰ্ণালীৰ কোনটো অংশত দর্শন ক্ষমতা শূন্য ?
উঃ ৰঙা আৰু বেঙুনীয়া অংশত।