DME Assam 2008 Grade III & IV
Apply Now
Lakhimpur Peon & Chowkidar (Grade IV)
Apply Now
Golaghat Peon Vcaancy
Apply Now
Anganwadi Anganwadi Worker & Helper
Apply Now
Anganwadi Anganwadi Worker & Helper
Download
প্রঃ ‘পৰিৱেশ’ বুলিলে কি বুজা ?
উঃ ‘পৰিৱেশ’ বুলিলে আমাৰ চাৰিওফালৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট ভৌতিক, সামাজিক আৰু সাংস্কৃতিক উপাদানসমূহক বুজায়।
প্রঃ জীৱ আৰু পৰিৱেশৰ মাজৰ পাৰস্পৰিক ক্রিয়াক কি বুলি কোৱা হয় ?
উঃ পৰিস্থিতিতন্ত্র।
প্ৰঃ পৰিস্থিতিতন্ত্ৰত জীৱ এটাই পালন কৰা ভূমিকাক কি হিচাপে জনা যায় ?
উঃ নিচ্চ।
প্ৰঃ কোনবোৰ সম্পদ নবীকৰণ সম্ভৱ নহয় ?
উঃ জীৱাষ্ম ইন্ধন।
প্রঃ আমাৰ দেশৰ কিমান শতাংশ ভূমি অৰণ্যই অধিকাৰ কৰি আছে ?
উঃ ১৯ শতাংশ।
প্রঃ কিমান শতাংশ স্থলভাগ অৰণ্যই অধিকাৰ কৰিলে পৰিস্থিতিতান্ত্রিক ভাৰসাম্য অব্যাহত থাকিব ?
উঃ ৩৩ শতাংশ।
প্ৰঃ উদ্ভিদ ৰোপনক কি বুলি কোৱা হয় ?
উঃ বনানীকৰণ।
প্ৰঃ পানী বা বতাহৰ দ্বাৰা ভূমি ভাগৰ শীৰ্ষৰ সাৰুৱা তৰপটো আতঁৰোৱা প্রক্রিয়াটোক কি বোলে ?
উঃ ভূমিক্ষয়।
প্রঃ আবাসিক অঞ্চলত কোলাহলৰ মাত্ৰা কিমান পৰিমাণৰ বেছি হ’ব নালাগে ?
উঃ ৭০ ডেচিবল।
প্ৰঃ শব্দ প্ৰদূষণৰ ফলত কি হ’ব পাৰে ?
উঃ কাণ নষ্ট হয়, বমিভাৱ হয় আৰু মূৰ ঘূৰায়।
প্ৰঃ শব্দৰ তীব্রতা কিমান ডেচিবলৰ ওপৰত হ’লে শব্দ প্ৰদূষণ বিপদজনক হৈ পৰে ?
উঃ ৮০ ডেেিচবল।
প্রঃ বায়ুৰ পৰা হোৱা দুবিধ বেমাৰৰ নাম লিখা ?
উঃ এজমা, ব্রংকাইটিছ।
প্ৰঃ চেৰন বিল দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণটো কি আছিল ?
উঃ নিউক্লিয় ৰিয়েক্টৰৰ বিস্ফোৰণ ।
প্রঃ কোনে প্ৰথমতে পৰিস্থিতি বিজ্ঞানৰ সংজ্ঞা দিছিল ?
উঃ হেকেলে।
প্ৰঃ পৃথিৱীৰ জলভাগ থকা মণ্ডলক কি বুলি জনা যায় ?
উঃ হাইড্ৰ’স্পেয়াৰ বা জল মণ্ডল।
প্রঃ বায়ুৰ চাপ সাধাৰণতে কি এককৰ জৰিয়তে জোখা হয় ?
উঃ মিলিবাৰ এককত।
প্রঃ কি বস্তু পেলোৱা বাবে ভাৰতৰ গংগা নদীৰ পানীত প্ৰদূষণ ঘটিছে ?
উঃ ঔদ্যোগিক বাহ্য পদার্থ।
প্ৰঃ ভুপৃষ্ঠৰ পৰা ৯০ কিঃমিঃ উচ্চতাৰ ওপৰত বায়ুমণ্ডলৰ কোনটো স্তৰ আৰম্ভ হয় ?
উঃ থার্মোস্পেয়াৰ।
প্রঃ ‘নর্মদা উপত্যকা প্রকল্প’ত জড়িত ৰাজ্যবোৰ কি কি ?
উঃ মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ, ৰাজস্থান আৰু গুজৰাট।
প্ৰঃ কাৰ নেতৃত্বত ‘চিপকো আন্দোলন’ গা কৰি উঠিছিল ?
উঃ সুন্দৰ লালা বহুগুণা।
প্রঃ এক গ্রাম জলীয় বাষ্প পানীলৈ পৰিৱৰ্তন হওঁতে কিমান কেল’ৰি তাপ উৎপন্ন হয় ?
উঃ ৫৪০ কেল’ৰি।
প্ৰঃ বিগত শতিকাৰ আটাইতকৈ উষ্ণ বর্ষ কোনটো আছিল
উঃ ১৯৩৮ চন।
প্রঃ বিজ্ঞানীসকলৰ মতে ২০৫০ চনৰ ভিতৰত পৃথিৱীৰ বায়ুমণ্ডলত কার্বন-ডাই-এক্সাইড পৰিমাণ কিমান হ’ব?
উঃ ৫০০ পি. পি. এম. ৰ ওচৰা-ওচৰি।
প্ৰঃ অ’জন স্তৰৰ ক্ষয়ীভৱনৰ বাবে দায়ী কোন?
উঃ ক্ল’ৰফ্লু’ৰ কাৰ্বন।
প্রঃ বায়ুমণ্ডলৰ কিমান উচ্চতালৈ অজ’ন গেছৰ পৰিমাণ সৰ্বাধিক ?
উঃ ৩৫ কিঃমিঃলৈ ।
প্ৰঃ ভূপাল গেছ দুর্ঘটনাত নির্গমন হোৱা গেছবিধৰ নাম কি ?
উঃ মিথাইল আইছ’চায়েনেট।
প্রঃ বায়ুবীয় জীৱবোৰ ক’ত পোৱা যায় ?
উঃ বায়ুমণ্ডলত।
প্ৰঃ মেট্ৰ’পলিটান মহানগৰবোৰত বায়ু প্ৰদূষণৰ প্ৰধান উৎসটো কি ?
উঃ যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱা
প্রঃ যান-বাহনৰ পৰা ওলোৱা ধোঁৱাত কি কি গেছ থাকে ?
উঃ কার্বন ডাই অক্সাইড, কার্বন মন’অক্সাইড আৰু নাইট্রিক অক্সাইড।
প্রঃ চাইক্ল’ন জাতীয় ধুমুহা সৃষ্টি হোৱা অঞ্চলত প্ৰচুৰ মেঘ জমা হয় কিয় ?
উঃ এনে অঞ্চলত নিম্ন চাপৰ মাত্ৰা অধিক হয়।
প্ৰঃ গঁড় থকা অসমৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ?
উঃ কাজিৰঙা।
প্ৰঃ বন্যপ্ৰাণীৰ কল্যাণৰ বাবে সংৰক্ষণ কৰা অঞ্চলক কি বোলা হয় ?
উঃ ৰাষ্ট্ৰীয় উদ্যান।
প্ৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে বিখ্যাত ?
উঃ এশিঙ্গীয়া গঁড়ৰ বাবে।
প্ৰঃ জৈৱ ৰাসায়নিক অক্সিজেনৰ চাহিদাই কি পৰিমাপ কৰে ?
উঃ জৈৱ ৰাসায়নিক বিয়োজন ঘটাবলৈ সুক্ষ্ম অনুজীৱক লগা দ্রবীভূত অক্সিজেন।
প্ৰঃ কোনটো শ্ৰেণীৰ মেৰুদণ্ডী প্রাণীত সর্বাধিক সংখ্যক বিপদাপন্ন প্রজাতি আছে ?
উঃ স্তন্যপায়ী প্রাণী।
প্রঃ কি মিশ্রিত বায়ু উশাহত গ্ৰহণ কৰিলে তেজৰ হিম’গ্লবিনত ই অক্সিজেনতকৈ অধিক ক্ষীপ্ৰতাৰে দ্রবীভূত হয়?
উঃ কার্বন মন’অক্সাইড।
প্রঃ মানুহৰ কাৰ্যকলাপৰ দ্বাৰা ৰূপান্তৰিত হোৱা পৰিৱেশক কি বুলি
উঃ নৃতাত্ত্বিক পৰিৱেশ কোৱা হয় ?
প্ৰঃ পাৰিপাৰ্শ্বিক নিম্নীকৰণৰ এটা প্ৰভাৱ কি ?
উঃ জলবায়ুৰ অনিয়মীয়া পৰিৱৰ্তন।
প্ৰঃ বৰদৈচিলা, চাইক্ল’ন আদি ধুমুহাৰ অৱস্থান জানিবলৈ কি যন্ত্র
ব্যৱহাৰ কৰা হয় ?
উঃ ৰাডাৰ।
প্ৰঃ সমুদ্র পৃষ্ঠৰ তাপমাত্রা কিমান হ’লে বিধ্বংসী চাইক্ল’ন ধুমুহাৰ সৃষ্টি হয় ?
উঃ ২৭০ চেলছিয়াচ বা তাতোকৈ বেছি হ’লে।
প্রঃ বায়ুৰ চাপ জোখা যন্ত্রবিধৰ নাম কি ?
উঃ বেৰ’মিটাৰ।
প্রঃ বায়ুস্তৰৰ গতিবেগ জোখা যন্ত্ৰবিধৰ নাম কি ?
উঃ থিওডেলাইট।
প্রঃ কোনো এখন নিৰ্দিষ্ট ঠাইত আৰু নিৰ্দিষ্ট সময়ত বায়ুমণ্ডলৰ হ্রস্বকালীন ধর্মক একেলগে কি বুলি কোৱা হয় ?
উঃ বতৰ।
প্ৰঃ ‘কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদে’ নীৰৱ উপত্যকা আন্দোলন কোন চনত আৰম্ভ কৰিছিল ?
উঃ ১৯৭৮ চনত।
প্ৰঃ জলভাগেৰে গঠিত পৃথিৱীৰ অংশটোক কি বুলি জনা যায় ?
উঃ জলমণ্ডল।
প্ৰঃ ‘জীৱমণ্ডল সুৰক্ষা প্ৰকল্প’ কিমান চনত আৰম্ভ কৰা হৈছিল ?
উঃ ১৯৮৬ চনত।
প্ৰঃ কিহৰ বাবে তাজমহলৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে ?
উঃ ছালফাৰ-ডাই- অক্সাইডৰ বাবে ।
প্রঃ ষ্টেট’স্পেয়াৰত থকা অতি বেঙুনীয়া ৰশ্মি কিহে শোষণ কৰে ?
উঃ অ’জন গেছে।