DME Assam 2008 Grade III & IV
Apply Now
Lakhimpur Peon & Chowkidar (Grade IV)
Apply Now
Golaghat Peon Vcaancy
Apply Now
Anganwadi Anganwadi Worker & Helper
Apply Now
Anganwadi Anganwadi Worker & Helper
Download
মেষ ৰাশি ফলাফল – Mesh Rashi
প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি পাৰ্টীত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকী হব যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। সন্তানৰ পঢ়াৰ কথা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ,এই সময় যি সমস্যাৰ আপুনি সন্মুখীন হব লাগিব ,সেইটো ক্ষণিকৰ সমস্যা মাথো আৰু সময়ৰ লগত এই সমস্যা নিজে নিজে শেষ হৈ যাব। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে।
বৃষ ৰাশি ফলাফল – Brish Rashi
ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে , লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোই কৰিব লাগে। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। মানুহৰ লগত কথা পাতোঁতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আতঁৰি থাকিব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব।
মিথুন ৰাশি ফলাফল – Mithun Rashi
স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হব পাৰে। আজি আপুনি প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। ট্ৰেড শ্বো আৰু চেমিনাৰ ইত্যাদিত অংশগ্ৰহণ কৰিলে আপুনি নিজৰ ব্যৱসায়িক সম্পৰ্ক সমূহত শুধৰণি আনিব পাৰিব। যদি আজি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে তেন্তে নিজৰ বস্তু-বাহানিৰ তদাৰক অথবা অতিৰিক্ত সুৰক্ষাৰ দিয়াৰ আৱশ্যকতা আছে। দিনত জীৱন সংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব।
কৰ্কট ৰাশি ফলাফল – Karkat Rashi
ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশ দিও লাভান্বিত কৰিব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। আজিৰ দিনাখন ভাগ্য আপোনাৰ লগ দিব আৰু আপুনি লাভান্বিত হব কাৰণ আপুনি সঠিক সময়ত সঠিক ঠাইত উপস্থিত হব। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিৱাব নোৱাৰে। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।
সিংহ ৰাশি ফলাফল – Singha Rashi
আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ’ব কাৰণ আপুনি জীৱন টোক সম্পুৰ্ণ ৰূপে জীয়াব । বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। আপোনাৰ নিৰ্ণয় আপোনাৰ সন্তানৰ ওপৰত থপিলে সিহঁত খঙ কৰিব পাৰে। ভাল হব যে আপুনি সিহঁতক নিজৰ পক্ষ বুজাই দিয়ক ,যাতে সিহঁতে সেই কথাৰ প্ৰকৃত কাৰণ বুজি আপোনাৰ কথাক সহজতে মানি লওক। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব কাৰন আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। কেতিয়াব মোবাইল চলাওতে চলাওতে সময়ৰ ক্থা মনতে নাথাকে , সময় অপচয় কৰাৰ পিছত আপোনাৰআনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হব।
কন্যা ৰাশি ফলাফল – Kanya Rashi
যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক,কাৰণ দূৰণি বটীয়া যাত্ৰাৰ বাবে আপুনি বহুত দূৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। কোনোবা এনেকুৱা আত্মীয় জন বহুত দূৰত থাকে তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হব পাৰে। অনাকাংক্ষিত ভাৱে হোৱা ৰোমাণ্টিক সাক্ষাৎকাৰে আপোনাক দদুল্যমান অৱস্থাত পেলাব পাৰে। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপুনি আপোনাৰ জীৱন লগৰীৰ গুণ বোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে।
তুলা ৰাশি ফলাফল – Tula Rashi
বহুত বেছি আনন্দ আৰু ৰোমাঞ্চক ভংগীয়ে আপোনাৰ স্নায়ু তন্ত্ৰক ক্ষতি কৰিব পাৰে। আপোনাৰ ভাৱনা সমূহক নিয়ন্ত্ৰণ কৰক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। আজি চাল গলে সকলো ফালেদি এক লাভদায়ক দিন ,কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। যিসকল লোক প্ৰতিযোগী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে ,সিহতে মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে ,পৰীক্ষাৰ ভয় আপোনাক নিয়ন্ত্ৰণ কৰিব নিদিব ,আপোনাৰ চেষ্টা ধনাত্মক পৰিণাম নিশ্চয় দিব। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ্ কৰিব পাৰে সেইবাবে আপোনাৰ সময় অলপ অপচয় হ’ব। আপোনাৰ আৰু জীৱন সংগীৰ মাজত বিশ্বাসৰ এক দূৰ্বলতা আহিব পাৰে ,যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হব পাৰে।
বৃশ্চিক ৰাশি ফলাফল – Brischik Rashi
সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। অপ্ৰত্যাশিতভাৱে আগমণ হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। বিনা কাৰণৰ সন্দেহ সম্বন্ধ বেয়া কৰাত অৰিহনা যোগায়। আপোনাকো আপোনাৰ প্ৰেমাস্পদৰ ওপৰত সন্দেহ কৰিব নালাগে। যদি কিবা কথালৈ আপোনাৰ মনত তেখেতক লৈ সংশয় হৈছে তেন্তে তেখেতৰ লগত বহি এই কথা সমাধান কৰিব চেষ্টা কৰিব। কেতিয়াবা এনেকুৱা লাগিব পাৰে যে আপুনি বহুত বেছি নিঃ সংগ ,সহকৰ্মী আৰু সহযোগী আপোনাক সহায় কৰিব আহিব কিন্তু আপোনাক অধিক সহযোগ আগ -বঢ়াব নোৱাৰিব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। যদি আপোনাৰ জীৱন সংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায় তেন্তে চিন্তা নকৰিব, আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব।
ধনু ৰাশি ফলাফল – Dhanu Rashi
আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তু সমূহে ক্ৰয় কৰক। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল’ব ,হ’ব পাৰে যে আপুনি বেলেগৰ দবাবত আছে আৰু সিহঁতক আপোনাৰ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন। আজিৰ বতাহৰ এক এক চাটঁতে যেন প্ৰেমেই আৱৰি আছে , চকু খুলি চাওকচোন আপুনি গোটেই পৃথিৱীখনেই প্ৰেমৰ ৰংত ৰঙীন হোৱা দেখিব। বহুত দিনৰ পৰা পৰি থকা ব্যৱসায়িক যোজনা আৰম্ভ হব। আজি আপুনি নিজৰ মানুহৰ ৰ পৰা আতঁৰি কৰবাত নিৰলে গৈ থকা পছন্দ কৰিব ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হব । সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে । সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱন টো দুৰ্বিসহ কৰি নেপেলাব।
মকৰ ৰাশি ফলাফল – Makar Rashi
আপোনাৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। আজিৰ দিনটো ইমান লাভদায়ক নহ’ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ’ব। আপোনাৰ পৰিয়ালৰ সদস্য সকল সৰু এটা কথা লৈ বহু ডাঙৰ বিবাদ এখনৰ সৃষ্টি কৰিব পাৰে। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। আজি আপোনাৰ বৰিষ্ঠ সকল আপোনাৰ লগত দেৱদূতৰ নিচিনা ব্যৱহাৰ কৰিছে। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে।ইয়াৰ পিছত ঘৰৰ মানুহক মনাওতে বহুত সময় লাগি যাব পাৰে। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।
কুম্ভ ৰাশি ফলাফল – Kumbh Rashi
আপোনাৰ স্বাস্থ্যক অৱহেলা নকৰিব আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। যিকোনো ধুনীয় নতুন চিন্তা অথবা বিচাৰ আপোনাক আৰ্থিক ভাৱে লাভান্বিত কৰিব। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব , বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হব। আজি এই ধুনীয়া দিন টোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হব। নিৰ্ণয় লোৱা সময়ত আপোনাৰ অহং ভাৱক মাজত আহিব নিদিব ,আপোনাৰ কনিষ্ঠ সহকৰ্মীৰ কথাত মনোযোগ দিব। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে যাৰ অদূৰ ভৱিষ্যতৰ পৰিণাম বৈবাহিক জীৱনত নঞাৰ্থক প্ৰভাৱ পেলাব পাৰে।
মীন ৰাশি ফলাফল – Min Rashi
প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিক ভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। নতুন বস্তু এটা শিকাৰ আপোনাৰেই আগ্ৰহ প্ৰশংসাজনক। জিৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যাধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ’ব। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে ।